Logo
image

মুখ্যমন্ত্ৰীয়ে ক'লে, "২০২৫ত বিজেপিত যোগদান কৰিব ভূপেন বৰাই": প্ৰতিক্ৰিয়া দিলে ভূপেন বৰাই

'আমাৰ অসম'ৰ জিনজিয়াৰ প্ৰতিবেদক ২৬ মাৰ্চঃ ২০২৫ চনৰ জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত  কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই বিজেপিত যোগদান কৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভূপেন বৰাৰ বাবে দুটাকৈ বিধানসভা সমষ্টি সংৰক্ষণ কৰা বুলি কয় মুখ্যমন্ত্ৰীজনে৷ 

আনহাতে পত্নী প্ৰাৰ্থিত্বৰ পৰা বঞ্চ্চিত হোৱা৯ৰ পাছতে ভৰত নৰহো বিজেপিলৈ যাব বুলি চৰ্চা চলি থকা সময়তে মুখ্যমন্ত্ৰীয়ে কয় যে ভৰত নৰহে বিজেপিত যোগদান কৰিব নে নাই এই বিষয়ত কথা পতা হোৱা নাই। মুখ্যমন্ত্ৰীয়ে কয় যে নীলা তেজৰ বাহিৰে ৰঙা তেজ থকা প্ৰতিজন কংগ্ৰেছ নেতা-কৰ্মীয়ে বিজেপি দলত যোগদান কৰিবলৈ বিচাৰে। সোমবাৰে শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ বৰগাঙস্থ বাসগৃহত উপস্থিত হোৱাৰ সময়ত বহুকেইটা তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী ড০ শৰ্মাই। 

ইফালে মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া দি ভূপেন বৰাই কয় যে মন্ত্ৰী-বিধায়ক হ'বৰ বাবে দল বাগৰি ফুৰা চৰিত্ৰ ভূপেন বৰাৰ নাই। যাৰ কেৱল মন্ত্ৰী হোৱাই জীৱনৰ শেষ লক্ষ্য তেওঁহে এনে কথা কব বা ভাবিব পাৰে। অহা বিধানসভা নিৰ্বাচনত দলে অনুমতি দিলে কংগ্ৰেছৰ হৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভূপেন বৰাই প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও মন্তব্য কৰে।